গোগামুখ: আধুনিক গোগামুখৰ নিৰ্মাতা, বিশিষ্ট ভাষাবিদ, চিন্তাবিদ, ছেবাৰ প্ৰাক্তন অধ্যক্ষ, টাবুৰাম টাইদৰ আৱক্ষ ব্ৰঞ্জ প্ৰতিমূৰ্ত্তি আৰু সমাধিস্থল আজি গোগামুখ চিলিমপুৰস্থিত আবতানি ক্ষেত্ৰত উদ্বোধন কৰা হয়৷ এক জাকজমকতাপূৰ্ণ পৰিৱেশত আৱক্ষ ব্ৰঞ্জ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ ছায়েঙ্গীয়াই ৷
সমাধিস্থল উদ্বোধন কৰে প্ৰয়াত টাবুৰাম টাইদৰ পত্নী বাসন্তী টাইদ আৰু মিচিং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে৷ সমাধিস্থল উন্মোচন কৰি প্ৰয়াত টাইদৰ পত্নী বাসন্তী টাইদ আবেগিক হৈ পৰে। উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানটোত মিচিং জাতীয় সংগঠনৰ নেতৃত্ববৃন্দৰ লগতে স্থানীয় বিভিন্ন দল-সংগঠনৰ বিষয়-ববীয়া আৰু স্থানীয় স্বনামধন্য ব্যক্তিসকলে অংশগ্ৰহণ কৰে। প্ৰয়াত টাইদৰ বিদেহী আত্মাৰ সদগতিৰ কামনা কৰি এক মিনিট মৌন প্ৰাৰ্থনা কৰে উপস্থিত ৰাইজে। প্ৰয়াত টাইদৰ সমাধিস্থল গোগামুখৰ সদৌটি ৰাইজক সজতনে ৰাখিবলৈ আহ্বান জনায় প্ৰয়াত টাইদৰ পত্নী বাসন্তী টাইদে।