গহপুৰঃ গহপুৰৰ গৰুধোৱাডুবিত আটক নকল সোণৰ নাও সহ তিনিজনলোক। চিনাধৰা তাঁতী নামৰ লোকজনৰ ঘৰত গাঁওৰক্ষীবাহিনীয়ে আটক কৰে মধ্যপ্ৰদেশৰ অৰবিন্দ পাঠক, দেবেন্দ্ৰ পাঠক, ৰাজেশ কুমাৰ, গুৱাহাটীৰ মানিক সিং নামৰ তিনিজন লোকক।

লগতে পঢ়কঃবিশ্বশান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে জামুগুৰিহাটৰ মনাই অঞ্চলত হৰি কীৰ্তন অনুষ্ঠান

জানিব পৰা মতে, এই তিনিজন লোকক জনৈক ইছলাম নামৰ এজন ব্যক্তিয়ে এখন সোণৰ নাও ৫ লাখ টকাত বিক্ৰী কৰিছিল। নাওখন নকল সোণৰ বুলি গম পাই তেওঁলোকৰ মাজত বাকবিতণ্ডা হয়। তেতিয়াই স্থানীয় লোকে গম পাই লোককেইজনক কৰায়ত্ত কৰি গহপুৰ আৰক্ষীক চমজাই দিয়ে। চিনাধৰা তাঁতী নামৰ লোকজনৰ ঘৰত এই ঘটনা সংঘটিত হোৱাৰ বাবে আৰক্ষীয়ে চিনাধৰা তাঁতীকো আটক কৰে। আৰক্ষীয়ে পিছে নকল সোণৰ লগত জড়িত চক্ৰটোক এতিয়ালৈকে কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply