গহপুৰঃ গহপুৰৰ এৰাসুঁতিত নৃশংস হত্যাকাণ্ড। ভতিজাকে নিজ পেহীয়েকক হত্যা কৰি মৃতদেহ ভৰাই থ’লে শৌচাগাৰৰ টেংকিত। ধীৰেণ টামুৰীয়া নামৰ লোকজনে মৰিয়াই মৰিয়াই হত্যা কৰিলে নিজ পেহীয়েক নিমি টামুৰীয়াক। এই বিষয়টো গাপ দিবলৈ চুবুৰীয়াক ধমক দিয়ে হত্যাকাৰী ধীৰেণ টামুৰীয়াই।

অৱশেষত স্থানীয় যুৱকৰ তৎপৰতাত এই সমগ্ৰ ঘটনা পোহৰলৈ আহে। স্থানীয় যুৱক কেইজনে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত হেলেম আৰক্ষী উপস্থিত হৈ শৌচাগাৰৰ টেংকিৰ পৰা উদ্ধাৰ কৰে মৃতদেহটো।

ইতিমধ্যে হেলেম আৰক্ষীয়ে হত্যাকাৰী ধীৰেণ টামুৰীয়াক আটক কৰিছে। ধৃত ধীৰেণ টামুৰীয়া পূৰ্বেও বহুকেইটা অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল।

লগতে পঢ়কঃহুঁচৰি দলৰ দুর্ঘটনাগ্ৰস্ত বাহনখনৰ চালকৰ আত্মসমৰ্পণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply