গোলাঘাট : ছিপাঝাৰৰ গৰুখুটিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক লৈ উত্তাল গোলাঘাট। আমছুৰ সভাপতি ইচাদ হুছেইন আৰু মুখ্য সাংগঠনিক সম্পাদক চাজাদ আলিক আটক গোলাঘাট আৰক্ষীৰ। প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচীত আৰক্ষীৰ বাধা প্ৰদান। আৰক্ষীয়ে কাঢ়ি নিলে প্ৰতিমূৰ্তি।
ছিপাঝাৰৰ গৰুখুটিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানক অমানৱীয় বুলি আখ্যা দি ৰাজ্যৰ অন্যান্য প্ৰান্তৰৰ লগতে আজি গোলাঘাট জিলা আমছুৱে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি দাহ কাৰ্য্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যাস্ত কৰে।
আমছু উচ্ছেদৰ বিৰোধীতা নহয় বুলি অভিহিত কৰি উচ্ছেদ কৰা লোক সকলক উপযুক্ত স্থান দিয়াৰ পিছতহে উচ্ছেদ অভিযান চলোৱাৰ দাবী উথাপন কৰে।
ইয়াৰোপৰি এই সমগ্ৰ ঘটনাক গোলাঘাট জিলা আমছুৱে তৃতীয় পক্ষ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰি চৰকাৰক ন্যায়িক তদন্তৰ দাবী উথাপন কৰে।
লগতে পঢ়ক- ছিপাঝাৰৰ ঘটনাক লৈ কংগ্ৰেছৰ ধৰ্ণা আৰু প্ৰতিবাদী সমদল