গুৱাহাটীঃ গোলাঘাট জিলাৰ ডেৰগাঁৱৰ অমৃতপুৰত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত ৰৈ থকা এখন ডাম্পাৰত প্ৰচণ্ড খুন্দা মাৰে এখন তীব্ৰবেগী বাছে। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় আঠজনকৈ লোক।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত সকলক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতালত ভৰ্তি কৰায়। বাছখনে ২২জনকৈ যাত্ৰী কঢ়িয়াই তিনিচুকীয়াৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল।
ডেৰগাঁও যানবাহন আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী অতুল হাজৰিকাই কয় যে দুৰ্ঘটনাটো সংঘটিত হৈছিল দেওবাৰে পুৱতি নিশা ১.৪০বজাত। আমি দুৰ্ঘটনাৰ খবৰ পাইয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈছিলো আৰু আহত সকলক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ প্ৰেৰণ কৰো। বাছখনত আছিল মুঠ ২২জনকৈ যাত্ৰী আৰু ইয়াৰে আঠজন আহত হৈছে।
উল্লেখ্য যে, ২০১৯চনত অসমত কমেও ৮,২৫০ টা, ২০২০ চনত ৬,৫৯৩টা আৰু ২০২১ চনৰ ৩১ জুলাইলৈকে ৪,৩২৮ পথ দুৰ্ঘটনা পঞ্জীয়ন হৈছে। আনহাতে পথ দুৰ্ঘটনাত মৃত্যু হৈছে ২০১৯চনত প্ৰায় ৩,২০৭জন, ২০২০ চনত ২,৬২৯জন আৰু ২০২১ চনৰ ৩১জুলাইলৈকে ১,৭৮৯ জনৰ।
দ্ৰুত গতিত যানবাহন চলোৱাই এই পথ দুৰ্ঘটনাৰ মুখ্য কাৰণ। ২০১৮ চনত পথ দুৰ্ঘটনাৰ হাৰ ৫৪.৭০ শতাংশ আৰু ২০১৯ চনত আছিল ৮৪.৪০ শতাংশ । ২০২০ চনত পথ দুৰ্ঘটনাত মৃত্যু হোৱা ২,৬২৯ জনৰ মৃত্যুৰ ৪৮ শতাংশ ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছিল, যাৰ ফলত অসম চৰকাৰে ৰাষ্ট্ৰীয় ঘাইপথত গতিৰ সীমা আৰোপ কৰিবলৈ বাধ্য হৈছিল।