গোলাঘাটঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট হাতীডুবিত ভয়ংকৰ দুৰ্ঘটনা। তীব্ৰবেগী অ’টৰ খুন্দাত নিহত আঠবছৰীয়া শিশু। নিহত শিশু গৰাকীৰ নাম আছিমা বেগম। পৰিয়ালৰ লোক আৰু স্থানীয় লোকে লগে লগে সৰুপথাৰ চিকিৎসালয়লৈ লৈ যায় যদিও আধা ৰাস্তাতে মৃত্যু হয় শিশুগৰাকীৰ।
লগতে পঢ়কঃগহপুৰত জব্দ নকল সোণৰ নাও: আটক ৩জন
নিহত শিশুগৰাকীৰ পৰিয়ালৰ লোকে আৰক্ষীথানাত এজাহাৰ দাখিল কৰিছে। ইফালে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে অ’টচালকজন। বৰ্তমান লৈকে আৰক্ষীয়ে অ’টচালকজনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। দুৰ্ঘটনা সংঘটিত কৰা অ’টখনৰ নম্বৰ এ এছ০৩ চি চি ৯৮৩৮। আৰক্ষীয়ে শিশুগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট চিভিল হস্পিতাললৈ প্ৰেৰণ কৰিছে।