গোলাঘাটঃ গোলাঘাট আৰক্ষীৰ বৃহৎ সফলতা। আৰক্ষীয়ে বৃহৎ পৰিমাণৰ হেৰ’ইন সহ গ্ৰেপ্তাৰ কৰিলে চাৰি ড্ৰাগছ সৰবৰাহকাৰীক।

জানিব পৰা মতে, মঙলবাৰে গোলাঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ডিমাপুৰৰ পৰা দেৰগাঁও অভিমুখে বৃহৎ পৰিমাণৰ লৈ গৈ থকা এখন এএছ ০৩চিচি ১৯৮৭ নম্বৰৰ মালবাহী বলেৰ’ পিকআপ খেদি খেদি আগভেটি ধৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে হাচিম আলী, অতিক ৰহমান, চাজিদুৰ আলী আৰু ইমতীয়াজ আহমদ নামৰ চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীকো আটক কৰিবলৈ সক্ষম হয়। ড্ৰাগছ সৰবৰাহকাৰীকেইজনে অতি কৌশলেৰে বাহনখনত লুকুৱাই অনা প্ৰায় ৩৪৩ গ্ৰাম হেৰোইন ভৰ্তি ২৬টা কন্টেইনাৰ লগতে চাৰিটা ম’বাইল ফোন জব্দ কৰিছে।  গ্ৰেপ্তাৰ কৰা চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীৰ দুজন গোলাঘাট আৰু আন দুজন মেৰাপানীৰ বাসিন্দা বুলি জানিব দিছে আৰক্ষীয়ে।

উল্লেখ্য যে, মঙলবাৰে গোপন সূত্ৰৰ পমখেদি গোলাঘাট সদৰ উপ আৰক্ষী অধীক্ষক মনোজ বৰুৱাৰ নেতৃত্বত চলোৱা অভিযানত আৰক্ষীৰ দলটোৱে বাহনখনক খেদি খেদি গোলাঘাটৰ পদুমনি তিনিআলি অঞ্চলত কেইবা জাই গুলি বর্ষণ কৰি বাহনখনৰ চকা ফুটাই আগভেটি ধৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply