কমাৰগাঁও,চন্দন বৰা: গোলাঘাট জিলাৰ দেৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বাদুলিপাৰত ২ জুলাইত খুমটাই ভোলাগুৰিৰ প্ৰাঞ্জল গগৈ নামৰ এজন লোকে বাদুলিপাৰত থকা এছবিআই এটিএমৰ পৰা ধন উলিয়াই থাকোতে উক্ত এটিএমটোৰ ভিতৰত থকা চাৰিজন বহিঃৰাজ্যৰ লোকে কৌশলেৰে প্ৰাঞ্জল গগৈৰ সৈতে বাৰ্তালাপ কৰি প্ৰাঞ্জলৰ এটিএম কাৰ্ডখন সলনি কৰি নিয়ে আৰু উক্ত কাৰ্ডখনৰ পৰাই প্ৰায় এক লাখ ১৬ হাজাৰ টকা উলিয়ায়।

ইফালে প্ৰাঞ্জল গগৈয়ে কেইদিনমানৰ পাছত হাতত থকা এটিএম কাৰ্ডখনৰ জৰিয়তে পুনৰ এটিএমৰ পৰা ধন উলিয়াবলৈ আহি হতবাক হৈ পৰে। প্ৰাঞ্জলৰ হাতত থকা এটিএমখনে ধন উলিয়াব নোৱাৰি বেংক কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰে। বেংক কৰ্তৃপক্ষই প্ৰাঞ্জলৰ হাতত থকা এটিএমখন তেওঁৰ নহয় বুলি জনোৱাৰ লগতে তেওঁৰ উক্ত একাউন্টৰ পৰা ১ লাখ ১৬ হাজাৰ টকা এটিএমৰ যোগেদি উলিওৱাৰ কথা অৱগত কৰে।

প্ৰাঞ্জল গগৈয়ে এটিএমৰ যোগেদি লক্ষাধিক টকা হৰলুকি হোৱা সন্দৰ্ভত ১৮ জুলাইত দেৰগাঁও আৰক্ষী থানাত এখন লিখিত এজাহাৰ দাখিল কৰে।

আনহাতে যোৰহাট জিলাতো সংঘটিত হয় অনুৰূপ ঘটনা। যোৰহাট আৰক্ষী থানাত ভুক্তভোগী এজন লোকে এজাহাৰ দাখিল কৰা পাছতেই যোৰহাট আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰে।

এটিএমৰ পৰা কৌশলেৰে ধন উলিওৱাৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰেৰ অসম আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰাত যোৰহাট আৰক্ষীয়ে গোলাঘাট আৰক্ষীৰ সহযোগত কাজিৰঙাৰ কঁহৰাৰ পৰা এটিএমৰ পৰা ধন হৰলুকি কৰা চাৰিজন হাৰিয়ানাৰ লোকক আটক কৰে। আটকধীন লোককেইজন ক্ৰমে হাৰিয়ানাৰ সন্দীপ,কুমাৰ ,সত্যৱান আৰু চনু সিং। 

উক্ত লোক চাৰিজনক যোৰহাট আৰক্ষীয়ে মাৰাথন জেৰা কৰাৰ পাছত সোমবাৰে দেৰগাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ তত্বাৱধানত চাৰিজন লোকক আৰক্ষীয়ে প্ৰাঞ্জল গগৈৰ এজাহাৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে। মঙলবাৰে উক্ত ঘটনাৰ লগত জড়িত তিনিজন লোকক এজাহাৰকাৰী প্ৰাঞ্জল গগৈয়ে চিনাক্ত কৰাৰ লগতে তিনিওজনকে দেৰগাঁও আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষীয়ে বাদুুলিপাৰলৈ আনি অধিক তথ্য সংগ্ৰহৰ বাবে ক্ষেত্ৰ ভিত্তিত তদন্ত কৰে। দেৰগাঁও আৰক্ষীয়ে তিনিওজন অভিযুক্ত ক্ৰমে সন্দীপ কুমাৰ ,সত্যবান আৰু চনু সিঙক আদালত হাজিৰ কৰাই অধিক তথ্য সংগ্ৰহৰ বাবে দেৰগাঁৱৰ তদন্ত আৰক্ষীয়ে দুদিনৰ বাবে নিজৰ জিম্মাত লৈছে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply