কমাৰগাঁও: গোলাঘাটৰ বাদুলিপাৰৰ চাহ বাগিচা ক্লাৱত সোমবাৰে বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বাদুলিপাৰ সদৰ শাখা গোট ছাত্ৰ সন্থাৰ সমিতিখন গঠন কৰা হয়।
উল্লেখ্য যে বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জগত গগৈ পুৰোহিত্যত অনুষ্ঠিত সভাত ৰিচপৰোনহ বৰাক সভাপতি কংকন জ্যোতি গগৈ সম্পাদক হিচাপে লৈ ৩১ জনীয়া বাদুলিপাৰ সদৰ শাখা গোট সমিতিখন গঠন কৰা হয় ।
সভাত বাদুলিপাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সঞ্জীৱ গগৈ , সাধাৰণ সম্পাদক বিশ্বদীপ শইকীয়া, সহ:সম্পাদক বিশ্বজিৎ হাজৰিকা,জমিৰোদ্দিন আহমেদৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়া সকল উপস্থিত থাকে।