গোলাঘাট : খুমটাইৰ চিনাতলীত সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ লাইখুঁটা স্থাপন৷ গোলাঘাট জিলাৰ অন্যতম স্বেচ্ছাসেবী সংগঠন অৰণ্যমৰ উদ্যোগত ১২ দিনীয়া কাৰ্যসূচীৰে আয়োজিত হ’ব ভাওনা প্ৰতিযোগিতা।
সদৌ অসম ভিত্তিত অনুষ্ঠিত হ’ব লগীয়া তৃতীয় সংখ্যক ভাওনা প্ৰতিযোগিতাৰ লাইখুটা প্ৰতিষ্ঠা কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই৷ এই ভাওনা সমাৰোহত আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড° পীতাম্বৰ দেৱ গোস্বামীলৈ ২০২০-২১ বৰ্ষৰ অগ্নিগড় বঁটা প্ৰদান কৰা হ’ব৷
লগতে পঢ়ক : গীতনগৰ থানাৰ গোচৰত জামিন লাভ কৰিলে বিধায়ক শ্বেৰমান আলীয়ে
চিনাতলীৰ শংকৰ মাধৱ ক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া আগন্তুক ভাওনা প্ৰতিযোগিতাই মানৱ সমাজৰ মাজত একতাৰ মনোভাব বঢ়ায় তুলিব বুলি মন্তব্য কৰে বিধায়ক গৰাকীয়ে৷ অহা ১৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হ’বলগীয়া ভাওনা প্ৰতিযোগিতা খনিত মুখ্য অতিথি হিচাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব৷