গোলাঘাটঃ অসমীয়াৰ হেঁপাহৰ ভোগালী আহি পদূলি মুখত। ভেলাঘৰৰ বাকৰি এতিয়া উদুলি-মুদুলি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে খুমটাইতো দেখা গৈছে ভোগালী বিহু উদযাপনৰ বাবে চলিছে পূৰ্ণ প্ৰস্তুতি।
খুমটাইৰ চিনাতলীত নিৰ্মাণ কৰা হৈছে অসমীয়া সমাজত অতীজতে প্ৰচলিত ম’হযুঁজৰ প্ৰতীকি।
উচ্চতম ন্যায়ালয়ে ম’হযুঁজ বন্ধ কৰি থোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰতিকী ৰূপত নিৰ্মাণ কৰি নৱপ্ৰজন্মক চিনাকী কৰাই দিয়াৰ কৰিছে প্ৰয়াস কৰিছে খুমটাইবাসীয়ে।
লগতে পঢ়কঃঅসমৰ ভূমিত আকৌ অৰুণাচলীৰ দপদপনি
আনহাতে গ্ৰামাঞ্চলৰ এখন নিভাঁজ অসমীয়াৰ ঘৰ উপস্থাপন কৰি পথাৰৰ পৰা লখিমী অনাৰ দৃশ্য প্ৰতিফলিত কৰিছে ৷ চিনাতলীৰ ভেলাঘৰৰ বাকৰিত ৮০/৯০ ঊৰ্দ্ধৰ আইতায়েও নাচিছে ককাল ভাঙি। হাতত লাখুটিডাল লৈয়েই ভেলাঘৰৰ বাকৰিত এপাক কঁকাল ঘূৰাই নাচিলে আইতাই ৷