গোলাঘাটঃ বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ অন্যতম পৱিত্র উৎসৱ হৈছে ‘পয়লেং’৷ যিসকল বিশিষ্ট আৰু খ্যাতনামা বৌদ্ধ ভিক্ষুৱে তেওঁৰ জীৱন কালত মানৱ জাতিৰ কল্যাণ আৰু বৌদ্ধ ধর্মৰ হকে কাম কৰি জীৱন উৎসর্গা কৰে, যিজন বৌদ্ধ ভিক্ষুৱে সংসাৰৰ মায়া, মোহ, তৃষ্ণা ত্যাগ কৰি বৌদ্ধ বিহাৰত থাকি শ্রমণ দীক্ষা গ্রহণ কৰাৰ পাছত ভিক্ষুত্ব লাভ কৰে, ভিক্ষুত্ব লাভ কৰাৰ কমেও ২০ বছৰ অতিবাহিত কৰে, তেনে পৰলোকগামী ভিক্ষুৰ মৃতদেহ লগে লগে সৎকাৰ নকৰি বৌদ্ধ পৰম্পৰা আৰু ৰীতি-নীতি অনুসৰি কফিনত কেইবামাহো সংৰক্ষিত কৰি এক বিশেষ স্থানত ৰখাৰ পাছত এক পৱিত্র মাহ আৰু দিনত তেওঁৰ শেষকৃত্য (অন্ত্যেষ্টিক্রিয়া) সম্পাদন কৰিবৰ বাবে ‘পয়লেং’ বা ‘ম্যা-ফং’ উৎসৱ অনুষ্ঠিত কৰা হয় ৷
ভিক্ষুজনৰ নশ্বৰ দেহ ত্যাগ কৰাৰ পাছত ৰীতি-নীতি মতে গা-পা ধুৱাই দেহটো ভৰিৰ পৰা মূৰলৈকে তেওঁক পীত বস্ত্র চীৱৰেৰে মেৰিওৱা হয় ৷ চীৱৰখন মেৰিয়াওঁতে চীৱৰখন গলা মমত জুবুৰিয়াই ভৰিৰ ফালৰ পৰা ক্রমাৎ মূৰলৈ মেৰিয়াই দিয়া হয়৷ সাতবাৰ এই প্রক্রিয়া কৰা হয়৷ সম্পূর্ণ দেহটো মেৰিওৱাৰ পাছত এটা কফিনত সৰু সৰু ছিদ্ৰ কৰি কাঠ, কয়লা, তুঁহগুড়ি, বৰফ, সুগন্ধিৰ মাজত শৱটো ভৰাই ৰখা হয় ৷
বাকচটো বন্ধ কৰি নীতি- নিয়মৰ মাজেৰে এজোপা ওখ গছৰ ফেৰেঙনিত তুলি থয় ৷ এনেদৰে শৱটো সম্পূৰ্ণ গেলি-পচি জঁকা ওলাই নপৰালৈকে গছৰ ওপৰতে বাকচটো ৰখা হয় আৰু বাকচটোৰ ওপৰত বিশেষভাৱে চকু ৰখা হয় ৷
বাকচৰ ফুটাইদি গেলা-পচা পানী সৰকি অহা বন্ধ হ’লেই শৱটো জঁকালৈ পৰিবৰ্তিত হোৱা বুলি তেওঁলোকে নিশ্চিত হয় আৰু এটা শুভক্ষণ চাই বাকচটো নমোৱাৰ ব্যৱস্থা কৰে ৷ গাঁওবাসীয়ে এখন আটকধুনীয়াকৈ কাঠেৰে ৰথ নিৰ্মাণ কৰি বাকচটো সেই ৰথত তুলি ৰচীৰে ৰথখন বিপৰীতমূখী দিশত অগাপিছাকৈ টনাৰ প্ৰথা আছে ৷ এনেকৈ ৰথখন তিনিদিন ধৰি টনা হয় ৷
এইদৰে ৰথ টনাত দুটা দলৰ মাজত প্ৰতিযোগিতাও হয় ৷ ঠিক আমাৰ ৰচী টনা খেলৰ দৰে ৷ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলৰ লোকবিশ্বাস মতে ৰথ টনা ৰচীডাল সাত বাৰ টানিব পাৰিলে পূণ্য অৰ্জন হয় ৷ ৰথখন টনাৰ সময়ত উচ্চগ্ৰামত ঢোল বাদন কৰা হয় ৷ এনেকৈ ৰথখন প্ৰথম দিনা এবেলা, দ্বিতীয় দিনা গোটেই দিন (সময়ে সময়ে) আৰু তৃতীয়দিনা আগবেলা টনাৰ পাছত ৰথখনৰে সৈতে জঁকাটো দাহ কৰা হয় ৷
উঃ সোমা মহাথেৰ’ৰ যোৱা চেপ্তেম্বৰ মাহৰ শেষৰ ফালে মৃত্যু হৈছিল ৷ ছয়মাহৰ অন্তত তিনিদিনীয়াকৈ তেখেতৰ নিৰ্বাণ প্ৰাপ্তিৰ অৰ্থে পয়লেং উৎসৱ অনুষ্ঠিত কৰা হয় ৷ এই ৰথোৎসৱত দেশ-বিদেশৰ বিভিন্ন ঠাইৰ পৰা বৌদ্ধ ভীক্ষু তথা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ সমাগম হয় ৷