গোলাঘাটত এতিয়া ৰক্ষকে লৈছে ভক্ষকৰ ৰূপ।ঠগ,দগাবাজীৰ অঘোষিত প্ৰতিযোগিতা গোলাঘাটৰ একাংশ আৰক্ষী বিষয়াৰ মাজত। সাধাৰণ লোক নহয়,আৰক্ষী বিষয়াৰ প্ৰৱঞ্চনাত এতিয়া অতিষ্ঠ গোলাঘাটৰ সাধাৰণ ৰাইজ।
ক’ৰবাত যদি আচামীক অকথ্য নিৰ্যাতন চলাই হত্যা,ক’ৰবাত আকৌ আচামীক মুকলি কৰি দিয়াৰ বাবে ধনদাবী।শেহতীয়াকৈ পদকীয়াক জামিন প্ৰদানৰ নামত ধনদাবীৰ অভিযোগ গোলাঘাটৰ বগীজান আৰক্ষী চকীৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে।
ঠগ,দগাবাজ,প্ৰৱঞ্চনা! খাকী পোছাকধাৰীৰ ক’লা বেহা! বগীজান আৰক্ষী থানাৰ চেকেণ্ড অফিচাৰ।নাম মুজিবুৰ ইছলাম।পদকীয়াক জামিনৰ নামত পৰিয়ালক বিশ হাজাৰ টকা দাবী এইজন S.I.ছাৰৰ।দাবী কৰা ধন নিদিলেই Direct জেল হাজোতলৈ ।
উল্লেখ্য যে এক মাৰপিটৰ ঘটনাত পদকীয়াক থানালৈ মাতি নি দিনৰ দিনটো দৰদাম কৰিছিল S.I.ছাৰে।কিন্তু থানাত সাংবাদিকৰ দল উপস্থিত হোৱাৰ লগে লগেই মূহুৰ্ততে পদকীয়াক জামিন দিবপৰা হ’ল ঘোচখোৰ S.I.ইছলামে।অকল ইমানেই নহয় মেকিং গোচৰত সিদ্ধহস্ত এচ.আই ছাৰৰ আছে বহুত লোকেল দালালী।
শিল,বালিৰ গাড়ীৰ পৰাও ঘোচখোৰ এছ.আই ইছলামে ভয় ভাবুকিৰে পকেট গৰম কৰাৰ অভিযোগ আছে।সৌ-সিদিনা গোলাঘাটৰ জামুগুৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে উঠিছিল আচামীক অকথ্য নিৰ্যাতন চলাই হত্যাৰ অভিযোগ।এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই বগীজান আৰক্ষী থানাত ঘটিল ধনদাবীৰ ঘটনা।
গোলাঘাটৰ নৱ নিযুক্ত আৰক্ষী অধীক্ষক গৰাকীয়ে আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহৰ কেনে ধৰনে তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰে,সিহে চাবলগীয়া হ’ব আগন্তুক সময়ত।
লগতে পঢ়ক ভতিজা বোৱাৰীক কোন গৰাকী সংখ্যালঘূ নেতাই দিলে অশ্লীল প্ৰস্তাৱ