গোলাঘাটঃ গোলাঘাটৰ জোনাকীনগৰ কাৱৰু গাঁৱত অঘটন। পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দুই ভগ্নীৰ। দুয়োগৰাকী কিশোৰী পানীত পৰাৰ পিছত প্ৰাণ ৰক্ষা কৰিবলৈ যোৱা জোনটি বৰা নামৰ এগৰাকী কিশোৰীও পানীত ডুব যায়। অৱশ্যে কিশোৰীগৰাকীক উদ্ধাৰ কৰা হ’ল যদিও তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

ইফালে, আন দুগৰাকী কিশোৰীক স্থানীয় ৰাইজৰ সহযোগত গোলাঘাট শ্বহীদ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে দুয়োগৰাকীকে মৃত ঘোষণা কৰে। মৃত কিশোৰী দুগৰাকী ক্ৰমে বুলবুলি দাস আৰু পল্লৱী দাস বুলি চিনাক্ত কৰা হৈছে।

উল্লেখ্য যে, জোনাকী নগৰৰ কাবৰু গাঁও এলেকাধীন অঞ্চলটোত পুখুৰী খন্দাৰ পিছতো কোনো ধৰণৰ উচিত ব্যৱস্থা নোলোৱাৰ বাবে ইয়াৰ পূৰ্বেও আন এগৰাকী মহিলাৰ মৃত্যু ঘটিছিল বুলি অভিযোগ উত্থাপন হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply