গোলাঘাটঃ গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ প্ৰসূতি বিভাগত চাঞ্চল্যকৰ ঘটনা। সাধাৰণ প্ৰসৱৰ পৰিৱৰ্তে অস্ত্ৰোপচাৰৰ চেষ্টা চলাই প্ৰসূতি মাতৃ আৰু নৱজাতকক হত্যাৰ অভিযোগ চিকিৎসক-নাৰ্ছৰ বিৰুদ্ধে।

যোৱা ১৭ মাৰ্চ তাৰিখে চিকিৎসালয়খনত ভৰ্তি হোৱা গোলাঘাটৰ বৰপথাৰৰ দীঘলীপথাৰৰ হিৰামণি শ‌ইকীয়া নামৰ প্ৰসূতিগৰাকীৰ শনিবাৰে আছিল প্ৰসৱৰ দিন। দিনৰ ১১ বজাতেই প্ৰসূতি কক্ষত ভৰ্তি কৰোৱা প্ৰসূতিগৰাকীক সন্ধিয়ালৈ সাধাৰণ প্ৰসৱৰ পৰা বিৰত ৰখাৰ অভিযোগ চিকিৎসক-নাৰ্ছৰ বিৰুদ্ধে।

অস্ত্ৰোপচাৰৰ বাবে জোৰ কৰি প্ৰসূতি গৰাকীৰ পেটত নাৰ্চে গচকি মৰাৰো বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে প্ৰসূতি গৰাকীৰ আত্মীয়ই। নিশা প্ৰসূতি গৰাকীৰ অকাল মৃত্যু ঘটাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। চিকিৎসক-নাৰ্ছৰ গাফিলতি আৰু ইচ্ছাকৃতভাৱে প্ৰসূতিগৰাকীক হত্যা কৰাৰ অভিযোগ তোলে প্ৰসূতিগৰাকীৰ পৰিয়ালৰ লোকে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰিছে মৃত মহিলাগৰাকীৰ পৰিয়ালৰ লোকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply