গোলাঘাটঃ ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে গোলাঘাট জিলাতো গৰ্ভৱতী, প্ৰসূতি মাতৃ, শিশু আৰু কিশোৰ-কিশোৰীসকলৰ মাজত পৰিপুষ্টি আৰু উচিত খাদ্যাভ্যাস সম্পৰ্কে তৃণমূল পৰ্যায়ত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজিৰে পৰা পোষণ মাহ আৰু মাত্ৰু বন্দনা সপ্তাহ আৰম্ভ হৈছে।
এইবাৰ পোষণ মাহৰ লগতে ‘সুৰক্ষিত জননী, বিকশিত ধৰণী’ক বিষয়বস্তু হিচাপে লৈ প্ৰধানমন্ত্ৰী মাত্ৰু বন্দনা যোজনাৰ অধীনত প্ৰথমবাৰলৈ গৰ্ভৱতী হোৱা মাতৃসকলক পঞ্জীয়নৰ প্ৰতি সজাগ কৰাৰ উদ্দেশ্যে মাত্ৰু বন্দনা সপ্তাহ উদযাপন কৰা হৈছে।
লগতে পঢ়কঃঅহা দুই ছেপ্তেম্বৰত আনুষ্ঠানিকভাৱে মুকলি হ’ব চতিয়াৰ নাগশংকৰৰ ষ্টেডিয়াম
পোষণ মাহ উপলক্ষে জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত গোলাঘাট নগৰত থকা জিলা পৰিষদৰ কাৰ্য্যালয়ৰ সভাকক্ষত জিলা পৰ্যায়ৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় ।
জিলা উন্নয়ন আয়ুক্ত অৰ্পা বাগলাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ধীৰাজ দাস, জিলা সমাজ কল্যাণ বিষয়া গৌৰীপ্ৰিয়া দেউৰী, শিশু উন্নয়ন প্ৰকল্প বিষয়াসকল, ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ মুখ্য প্ৰকল্প বিষয়া, আই চি ডি এছৰ ছুপাৰভাইজৰ আৰু বিভাগৰ বিষয়ববীয়া তথা কৰ্মীসকল উপস্থিত থাকে ।
ইয়াৰ সৈতে সংগতি ৰাখি জিলা পৰিষদৰ কাৰ্যালয় প্রাংগনতে স্বাক্ষৰ অভিযান আৰু চেল্ফি ষ্টেণ্ডৰ ব্যৱস্থা কৰা হয় ।