গোলাঘাটঃ গোলাঘাট জিলাত ক’ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ জিলা প্ৰশাসনেও ইটোৰ পিছত সিটো কঠোৰ নিৰ্দেশনা প্ৰদান কৰি আহিছে ।

সম্পূৰ্ণ লকডাউনৰ সময়সীমা এদিনৰ বাবে বৃদ্ধি কৰাৰ সময়তে জিলাখনৰ খুমটাইৰ শাওতলীৰ এটা অঞ্চলক মাইক্ৰ’ কন্টেইনমেন্ট হিচাপে ঘোষণা কৰাত ভীতিগ্ৰস্ত হৈ পৰিছে সমগ্ৰ অঞ্চলবাসী ।

আৰু পঢ়কঃচৰাইদেউ জিলাৰ বেংক বিষয়াৰে জিলা উপায়ুক্তৰ আলোচনা

তাৎপৰ্যপূৰ্ণভাৱে বাগিছাৰ‌ কাম-কাজৰ ক্ষেত্ৰত SOP ত কোনোধৰণৰ বাধা নিষেধ নথকাৰ ফলত বাগান অঞ্চলত ক’ভিডৰ সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত বিফল হোৱাত ক্ষোভ ব্যক্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই ।

নিতৌ বাগিছাসমূহত শ শ শ্ৰমিকৰ সমাগমৰ ফলত বৰ্তমানলৈকে ৪৫ জন লোকৰ দেহত ক’ভিড চিহ্নিত হোৱা ঘটনাই স্বাস্থ্য বিভাগৰ হঠকাৰী-বিবেচনাহীন দিশটোকে প্ৰতিফলন কৰিছে বুলি অভিহিত কৰিছে আটাছা নেতাই। খুমটাইৰ শাওতলী অঞ্চলৰ তিনিটাকৈ ঠাইত প্ৰৱেশ-প্ৰস্থানত বাধা নিষেধ জাৰি কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply