কমাৰগাঁও,চন্দন বৰাঃ গোলাঘাট জিলাৰ ৩নং ৰংবং জেকচন গ্ৰান্টত বন্যহস্তীৰ কৰুণ মৃত্যু। পথাৰৰ মাজত উদ্ধাৰ হৈছে বনৰীয়া হাতীৰ মৃতদেহটো। পুৱা ৰাইজে হাতীৰ মৃতদেহটো প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে। উল্লেখ্য যে, কিছুদিন ধৰি বনৰীয়া হাতীৰ এটা জাক উক্ত অঞ্চলটোত বিচৰণ কৰি আছিল।

লগতে পঢ়কঃপুনৰ ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীৰ এনকাউণ্টাৰ

হাতীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এই হাতীটোৰ মৃতদেহ আজি পথাৰৰ মাজত উদ্ধাৰ হয়। অৱশ্যে কি কাৰণত হাতীটোৰ মৃত্যু হয় সেয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু হাতীটোৰ মূৰত তিনিটা স্থানত আঘাতৰ চিন ষ্পষ্ট হৈ আছে। ইফালে মৰণোত্তৰ পৰীক্ষাৰ পাছতহে হাতীটোৰ মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply