নিউজ ডেস্কঃ গোলাঘাটৰ ঊষা গৰঙাত ভয়ংকৰ অগ্নিকাণ্ড। অজ্ঞাত কাৰণত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ ৪ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত।
এই অগ্নিকাণ্ডৰ ঘটনাত কেইবা লাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হয়।
ইফালে নুমলিগড়তো সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডটো বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱাৰ সন্দেহ।
“প্ৰতিলিপি প্ৰিণ্টাৰ্চ” নামৰ এটা ছপাখানা সম্পূৰ্ণৰূপে জাহ যায় অগ্নিকাণ্ডটোত।
ছপাখানাটোৰ স্বত্বাধিকাৰীৰ বাসগৃহটোৰো ক্ষতিসাধন হয় আগ্নিকাণ্ডটোত।
বোকাখাত অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।
ফলত অধিক ক্ষতি হয় ছপাখানাটোৰ।
অগ্নিকাণ্ডটোত প্ৰায় দহ লক্ষাধিক টকাৰ সা সম্পত্তি বিনষ্ট হয়