গোলাঘাট নগৰৰ পাচঁআলি অঞ্চলত আজি দিনৰ ভাগত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত এটা বাসগৃহ ,৮ খনকৈ ব্যবসায়ীক প্ৰতিষ্ঠানৰ লগতে এখন বিলাসী বাহন সহ এখন মটৰ চাইকেল সম্পূৰ্ণ ৰূপে ভস্মীভূত হয় ।
গোলাঘাট নগৰৰ পাচঁআলিৰ নিবাসী তথা ব্যবসায়ী মৃগেন বৰা ওৰফে মৃদুল আৰু গোলাঘাট বানিজ্য মহাবিদ্যালয়ৰ প্ৰবক্তা দীপাৰানী বৰুৱাৰ ঘৰত সংঘটিত অগ্নিকাণ্ডত নিমিষতে ভস্মীভূত কৰে কোটি টকাৰ সা সম্পত্তি।
অগ্নি কাণ্ডত বিপ্লব হাজৰিকাৰ ফাৰ্মাচী,নবজ্যোতি কলিতাৰ কম্পিউটাৰ আৰু ইলেকট্ৰনিক সামগ্ৰীৰ দোকান, সত্যজিৎ হাজৰিকাৰ গেলামালৰ দোকান, অৰুন হাজৰিকাৰ এল আই চি প্ৰিমিয়াম পইন্ট,গোবিন বৈশ্য নামৰ এজনৰ শাক পাচলিৰ দোকান, য়ুগী ৰজক নামৰ এজন বৃদ্ধ লোকৰ ইষ্ট্ৰি কৰাৰ দোকানৰ লগতে পৰিমল শীল নামৰ লোকজনৰ এখন চেলুন সম্পূৰ্ণ ৰূপে জাহ যায়৷