গোলাঘাটঃ গোলাঘাটত সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।
সুভাষ কলনীত অগ্নিকাণ্ডত জাহ যায় তিনিটাকৈ বাসগৃহ।
শ্বৰ্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।
কোনো নথকা অৱস্থাত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ বাবে কোনো লোক হতাহত হোৱা নাই।
অগ্নিকাণ্ডত তিনিটা বাসগৃহৰ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত জাহ যায়।