গোলাঘাটঃ গোলাঘাটত কৃত্ৰিম বানৰ ভয়াবহ পৰিস্থিতি।
গোলাঘাট পৌৰসভাৰ অন্তগৰ্ত চন্দন নগৰ,ৰংপুৰ,আমোলাপট্টি,তপন নগৰ,বেঙেনাখোৱাৰ লগতে ফৰকাটিং আদি বিভিন্ন অঞ্চলত কৃত্ৰিম বানে বিস্তৰ ক্ষতিসাধন কৰে।
বানত ডুব গ’ল মানুহৰ বাসগৃহকে ধৰি বিভিন্ন সা-সম্পত্তি। পৌৰসভাৰ হেমাহীৰ বাবেই কৃত্ৰিম বানপানী হোৱাৰ অভিযোগ উত্থাপন কৰে ৰাইজে ।
দীৰ্ঘদিন ধৰি ৰাইজে পৌৰসভাক এই কৃত্ৰিম বান ৰোধ কৰিবলৈ ব্যৱস্থা ল’বলৈ দাবী জনাই অহাৰ পিছতো কোনো কাণসাৰ নাই পৌৰসভাৰ।
এতিয়া এসাঁজ খাবলৈ খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছে বানাক্ৰান্ত ৰাইজৰ।
আৰৰু পঢ়কঃলখিমপুৰৰ নাওবৈচাত শিঙৰা নৈৰ বানৰ তাণ্ডৱ