গোলাঘাটঃ গোলাঘাটৰ ফৰকাটিং আৰক্ষীয়ে শুকুৰবাৰে ফৰকাটিং অঞ্চলৰ দুটা পৃথক স্থানত অভিযান চলাই বৃহৎ পৰিমানৰ গাঞ্জা আৰু হিৰ’ইন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

গাঞ্জা সৰবৰাহকাৰী লোক জনৰ নাম অনিল বৰা আৰু হিৰ’ইন সৰবৰাহকাৰীজনৰ নাম আবিদ আলি বুলি জানিব পৰা গৈছে।

আৰু পঢ়কঃটীয়ক FRU ত কোভিড ৰোগীৰ মৃত্যু

আৰক্ষীয়ে ২৪ কেজি গাঞ্জা আৰু প্ৰায় ৫ গ্ৰাম হিৰ’ইন খিনি জব্দ কৰে। নিচাজাতীয় দ্ৰব্যখিনিৰ বজাৰ মূল্য প্ৰায় লক্ষাধিক টকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

ধৃত দুয়োজনলোককে আৰক্ষীয়ে সোধা পোচা অব্যাহত ৰাখিছে। উল্লেখ্য যে গোলাঘাটৰ নৱনিযুক্ত আৰক্ষী অধীক্ষক ডঃ ৰবীন কুমাৰৰ নিৰ্দেশ মৰ্মে শুকুৰবাৰে ফৰকাটিং থানাৰ ভাৰপ্ৰাপ্ত বিষয়া উৎপল দত্তৰ নেতৃত্বত অভিযান চলাই এই বৃহৎ সামগ্ৰী সমূহ জব্দ কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply