গোলাঘাটৰ কৰুণাটিং গ্ৰান্টত অগ্নিকান্ড, জাহ গ'ল এজনৰ বাসগৃহ

গোলাঘাট: গোলাঘাটৰ জিলাৰ কৰুণাটিং গ্ৰান্ট গাঁৱত নিশা ভয়ংকৰ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় ফুলেশ্বৰ খেৰিয়া নামৰ এজন লোকৰ বাসগৃহ ৷ নিশা ৰঙামাটি কৈৱৰ্ত্ত গাঁও পঞ্চায়তৰ কৰুনাটিং গ্ৰান্ট গাঁৱৰ ফুলেশ্বৰ খেৰিয়াৰ বাসগৃহত দুৰ্বৃত্তই অগ্নিসংযোগ কৰাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷ জুইত সকলো জাহ যোৱাৰ পিছত কান্দোনত ভাগি পৰিছে পৰিয়ালটো।

আৰু পঢ়কঃ অসমত পুনৰ ৫৩জন কৰোণা ভাইৰাছত আক্ৰান্ত

নিশা শুই থকা পৰিয়ালটোৱে জুইয়ে চানি ধৰাত বাঁহৰ বেৰ ভাঙি কোনোমতে প্ৰাণ ৰক্ষা পৰে ৫ জনীয়া পৰিয়ালটো ৷ জুইৰ লেলিহান শিখাই ঘৰৰ সকলো বয়-বস্তু চাৰখাৰ কৰাৰ লগতে নগদ ধনো পুৰি ছাঁই কৰে ৷ জুইত পৰিয়ালটোৰ পোহনীয়া জীৱ-জন্তুও জ্বলি মৃত্যু হৈ যায় ৷ দুৰ্বৃত্তই পৰিকল্পিতভাৱে অগ্নি সংযোগ কৰাৰ সন্দেহ কৰিছে পৰিয়াল তথা স্থানীয় লোকে ৷ নিশাই স্থানীয় ৰাইজে দেৰগাঁও আৰক্ষীক খবৰ দিছিল যদিও আৰক্ষীৰ পৰা কোনো ধৰণৰ সঁহাৰি নাপালে ৷ পুৱা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্তৰ আশ্বাস প্ৰদান কৰিছে ৷ এই ঘটনাৰ পিছতে সমগ্ৰ অঞ্চলটোত চাঞ্চল্যই বিৰাজ কৰিছে।

আৰু পঢ়কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আজি পুনৰ গৃহমন্ত্ৰী অমিত শ্বাহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply