কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়

গোলাঘাট: গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত এতিয়া অৰাজকতা৷ মন্ত্ৰী গ’লেই তৎপৰতা দেখুওৱা চিকিৎসালয় খনত দিনৰ দিনটো বাৰান্ডাতে মৃতদেহ পৰি থকাৰ পিছতো কোনো খবৰ নাই চিকিৎসালয় কৰ্তৃপক্ষৰ৷


দেওবাৰৰ দিনটোত চিকিৎসালয়ত চিকিৎসা গ্ৰহন কৰি থকা অৱস্থাতেই এগৰাকী ৰোগীৰ মৃত্যু হোৱাৰ পিছত দিনৰ দিনটো পৰি থাকিল চিকিৎসালয় খনৰ বাৰান্ডাত ৷ চিকিৎসালয়খনত কৰ্মৰত চিকিৎসক,নাৰ্চ তথা চিকিৎসা কৰ্মীয়ে দেখিও নেদেখা ভাও ধৰিয়েই পাৰ কৰিলে দিনটো৷


এই লোকজন আছিল গোলাঘাটৰ চাউদাং পথাৰৰ ফণীধৰ কোঁৱৰ ৷ যোৱা ১৫ ছেপ্তেম্বৰত শাৰীৰিক অসুস্থতাৰ বাবে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছিল ৷

উক্ত তাৰিখৰ পৰা চিকিৎসা গ্ৰহন কৰি থকা লোকজনৰ দেওবাৰে দিনৰ ভাগতেই মৃত্যু হোৱাৰ পিছত নিশা পৰ্যন্ত বাৰান্ডাতে পৰি ৰয় লোকজনৰ মৃতদেহ ৷

মৃতদেহটো দীৰ্ঘসময় ধৰি পৰি থকাৰ ফলত চিকিৎসালয় খনলৈ অহা আন ৰোগীসকলৰ আত্মীয়ৰ যথেষ্ট সমস্যাৰ সৃষ্টি হয়৷

ৰোগীক দেখা কৰিবলৈ অহাসকলে বিষয়টো চিকিৎসালয় কৰ্তৃপক্ষক অবগত কৰাৰ পিছতো চিকিৎসালয়ত কৰ্মৰত চিকিৎসকে চাই কেৱল ফটো মাৰিয়েই সেই স্থান ত্যাগ কৰে ৷

যাৰ বাবে চিকিৎসালয়খনত ভৰ্তি হৈ থকা অন্য লোকসকলে যথেষ্ট অস্বস্তিত পৰিব লগা হ’ল ৷ চৰকাৰী চিকিৎসালয়ৰ ভিতৰচ’ৰাত এইদৰে অৰাজকতাৰে চলি থকাৰ অভিযোগ৷

লগতে পঢ়ক অহা ২২ ছেপ্টেম্বৰত জ্বলাই দিয়া হ’ব ২,৪৭৯ টা গঁড়ৰ খড়্গ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply