বোকাখাতঃ সদৌ চাওতাল ছাত্র সন্থাৰ গোলাঘাট জিলা সমিতিৰ নেতৃত্বত বোকাখাতৰ চাওতালী ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক। সভাত সদৌ চাওতাল ছাত্র সন্থা গোলাঘাট জিলা সমিতি, তিনিচুকীয়া জিলা সমিতি, ডিব্ৰুগড় জিলা সমিতি, চৰাইদেউ জিলা সমিতি, নগাঁও জিলা সমিতি আৰু শোণিতপুৰ জিলা সমিতিৰ সভাপতি সম্পাদক সকলে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়।
উল্লেখ্য যে, অসম চৰকাৰে চাওতাল জনগোষ্ঠীক বলপূৰ্বকভাৱে চাহ জনগোষ্ঠী সজোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ লগতে ডিজেল,পেট্ৰল, ৰন্ধন গেছ তথা জীৱনদায়িনী ঔষধ আদিকে ধৰি সকলো সামগ্ৰী মূল্য বৃদ্ধিক নিয়ন্ত্ৰণ কৰিব নোৱাৰাক লৈ বোকাখাতত তীব্ৰক্ষোভ প্ৰকাশ কৰে সংগঠনটোৰ বিষয়ববীয়া সকলে। লগতে অনাগত দিনত মূল্য বৃদ্ধি ৰোধ কৰিব নোৱাৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।