গোলাঘাটঃ পৰকীয়া প্ৰেমৰ পৰিণতিত পত্নীক ৰাজপথত বিবস্ত্ৰ কৰি নিৰ্যাতনৰ চেষ্টা স্বামীৰ।গোলাঘাটৰ গেলাবিল সোণালী পথাৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। ৰাজেন দাং নামৰ এজন লোকৰ সৈতে পৰকীয়া সম্পৰ্কৰ সন্দেহত পত্নী যমুনা গগৈক পথৰ দাঁতিত বিবস্ত্ৰৰ চেষ্টা কৰাৰ অভিযোগ স্বামী শুভ্ৰজিৎ গগৈৰ বিৰুদ্ধে।
দীৰ্ঘদিন ধৰি ৰাজেন দাংৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি অহাৰ অভিযোগ পত্নী যমুনা গগৈৰ বিৰুদ্ধে।হোৱাটছএপত অশ্লীল বাৰ্তালাপ কৰাৰো প্ৰমাণ পোৱা বুলি অভিযোগ স্বামীৰ।
বিবাহৰ মাত্ৰ তিনিমাহৰ পাছতেই পত্নীৰ এনে আচহুৱা কৰ্মই হতচকিত কৰিছে সকলোকে। সম্প্ৰতি গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন নিৰ্যাতিত পত্নীগৰাকী।