ইষ্টম'জ' অসম

গোলাঘাট- অসমৰ গাৱেঁ -ভূঞে, চুকে -কোণে এতিয়া উঠিছে ধনৰ উজান।

ইফালে ক্ৰমান্বয়ে কঠোৰ হৈ পৰিছে ৰাজ্য প্ৰশাসন।

নিৰ্বাচনী বিধি উলংঘা কৰা সকলৰ বিৰুদ্ধে প্ৰশাসনে চলাইছে অভিযান।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰশাসনে উদ্ধাৰ কৰিছে লক্ষ লক্ষ টকা।

আৰু পঢ়কঃ পুতুলা নাচ প্ৰদৰ্শনৰে বিজেপিৰ ব্যতিক্ৰমী নিৰ্বাচনী প্ৰচাৰ

গোলাঘাটতো ধনশিৰি দলঙৰ সমীপত চলোৱা আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত দুজন ব্যক্তিৰ পৰা জব্দ কৰে নগদ ৩ লাখ ৫০ হাজাৰ টকা।

অসম আৰক্ষী প্ৰশাসন আৰু চি আৰ পি এফ বাহিনীয়ে এখন দুচকীয়া বাহনৰ পৰা জব্দ কৰে টকাখিনি।

আৰু পঢ়কঃ শিৱসাগৰৰ ডিমৌত বনৰীয়া হাতী হত্যা কৰি ভক্ষণ কৰিলে জীৱশ্ৰেষ্ঠই

জব্দ কৰা টকাখিনি ব্যক্তিদুজনে বগীঢলা চাহ বাগিছাৰ মালিকৰ বুলি জানিব দিয়ে যদিও উপযুক্ত প্ৰমাণ নিদিয়ালৈকে টকা খিনি উভতাই দিয়া নহয় বুলি সংবাদ মাধ্যম ৰ আগত ব্যক্ত কৰে প্ৰশাসনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,283 other subscribers

Leave a comment

Leave a Reply