গোলাঘাটঃ গোলাঘাটত সংঘটিত হৈছে নৃশংস হত্যাকাণ্ড।
দাৰে ঘপিয়াই হত্যা কৰি ৰঙাঘৰৰ আলহী হ’ল যুৱক।
এই ঘটনাটো সংঘটিত হৈছে বুধবাৰে নিশা গোলাঘাট জিলাৰ কমাৰবন্ধাত।
দেৱৰেক দীপেন কৰ্মকাৰে সামান্য কথাৰ কটাকটিতে বৌয়েক জান কৰ্মকাৰ ফালে চোচা লৈ দাৰে ঘপিয়াই হত্যা কৰে।
ইতিমধ্যে এই ঘটনাৰ পাছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ হত্যাকাৰী দীপেন কৰ্মকাৰক গ্ৰেপ্তাৰ কৰে।
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
বৰ্তমান আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত ৰহস্য বিচাৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।
এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে।