গোলাঘাটঃ শিক্ষামিত্ৰ হিচাপে অসম চৰকাৰে গঢ়ি দিয়া বিদ্যালয়ত শিক্ষকতা কৰি আজিও স্থায়ীভাৱে নিযুক্তি নোপোৱাত সৰ্বশ্ৰান্ত কেইবাশতাধিক শিক্ষক। ২০০৩ চনৰে পৰা শিক্ষকতাৰ মহান বৃত্তিৰ সৈতে জড়িত হৈ থকা একাংশ শিক্ষকক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ। বৰ্তমান পেটৰ তাৰণাত দিন হাজিৰা কৰিবলগীয়া হোৱা এইসকল শিক্ষক উচুপি উঠিল সংবাদমেলতে ৷
২০০৩ চনৰ পৰা ২০১১ চনলৈকে শিক্ষকতা কৰাৰ পিছত সেই সময়ৰ শিক্ষামন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইসকল শিক্ষামিত্ৰক পৰামৰ্শ দিছিল টেট দিবলৈ। ২০১৪ চনত টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত ২০১৭ চনত ওলাইছিল ৰিজাল্ট। কিন্তু টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছতো বয়স বেছি হোৱাৰ দোহাই দি নিযুক্তিৰ ক্ষেত্ৰত আজিকোপতি বঞ্চিত হৈ আছে শিক্ষকসকল। উচ্চ ন্যায়ালয়ৰ কাষ চাপিবলৈ আৰু D.El.Ed কৰাৰ পৰামৰ্শ দিয়াত লাখ লাখ টকা খৰছ কৰি সেয়াও কৰিলে যদিও সফল নহ’ল। বৰ্তমান উপায়ন্তৰ হৈ কোনোৱে যদি কৰিছে দিন হাজিৰা , কোনোবাই কৰিছে ব্যৱসায় । শিক্ষক হৈয়ো দুৰ্বিসহ জীৱন যাপন কৰি দুখত ভাগি পৰিছে শিক্ষকসকল ।সেয়েহে সেইসময়ৰ শিক্ষামন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে শিক্ষকসকলে।
লগতে পঢ়কঃবিবুদ্ধিত কৃষকঃ এফালে ইউৰিয়া সাৰৰ নাটনি আনফালে পানীৰ অভাৱ