গোলাঘাটঃ খুমটাইত পথ মেৰামতিৰ দাবীত ৰাইজৰ উত্তাল প্ৰতিবাদ। খুমটাই বুটলিখোৱাৰ ধোদৰ আলিৰ পৰা  নুমলীগড় ৰেল ষ্টেচন হৈ পতিয়াপথাৰ সংযোগী পথটো শীঘ্ৰে মেৰামতিৰ কৰি যাতায়তৰ উপযোগী কৰাৰ দাবী জনাই মঙলবাৰে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে। ” আমাক পথ লাগিবই, বোকাময় পথ মেৰামতি কৰক , আমাৰ দাবী মানিবই লাগিব আদি বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে খুমটাইৰ আকাশ বতাহ”।

নিৰ্বাচনৰ সময়ত পথটো উন্নয়ন কৰা হ’ব বুলি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই অঞ্চলবাসীক প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও  সেই প্ৰতিশ্ৰুতি ৰক্ষা নকৰাত ক্ষোভিত হৈ উঠে ৰাইজ।

শাওনৰ বোকাময় পথাৰলৈ পৰিণত হোৱা পথটোৱে যান-বাহন, চাইকেল, মটৰচাইকেল আদি চলাচল কৰাতো দূৰৰ কথা বোকাময় পথটোৰে বিদ্যালয় -মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, ৰোগী-প্ৰসূতিৰ লগতে সৰ্বসাধাৰণ ৰাইজ খোজ কাঢ়ি যাওঁতে পথচাৰীয়ে হাতত জোতা-চেণ্ডেল লৈ অতি কষ্টৰে যাতায়ত কৰিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । অতি শীঘ্ৰেই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply