গোলাঘাটঃ গোলাঘাট জিলাৰ দেৰগাঁৱৰ কাকডোঙাত শুকুৰবাৰে নিশা এটা অজগৰ সাপকলৈ চাঞ্চল্য সৃষ্টি ।
প্ৰাপ্ত তথ্য মতে,২ অক্টোবৰ এটা প্ৰকাণ্ড অজগৰ কাকডোঙাৰ মাজুকুচিত স্থানীয় ৰাইজে উদ্ধাৰ কৰি বনবিভাগক ঘটাই দিয়াৰ পিছত পুনৰ শুকুৰবাৰে সন্ধিয়া প্ৰায় ১৫ কেজি ওজনৰ এটা প্ৰকাণ্ড অজগৰ সাপ কাকডোঙাৰ মাজুকুচি তিনিআলিত ৰাষ্টাৰে পাৰ হৈ যাবলৈ চেষ্টা কৰোঁতে এজন যুৱকে প্ৰত্যক্ষ কৰে।
লগতে পঢ়কঃঐতিহ্যমণ্ডিত বাৰেচহৰীয় ভাওনা কমিটিক মৌলবাদী শক্তিৰে তুলনা কৰি ৰাইজৰ ৰোষত অৰূপ শইকীয়া
ইফালে অজগৰ ওলোৱা খবৰ বিয়পি পৰা লগে লগেই ঘটনাস্থলীত অজগৰ চাবলৈ ৰাইজে ভিৰ কৰে। স্থানীয় ৰাইজে অজগৰটো ধৰি এটা বস্তাত ভৰাই দেৰগাঁৱৰ বনবিভাগ খবৰ দিয়ে। ততাতৈয়াকৈ বনবিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অজগৰটো উদ্বাৰ কৰি লৈ যায়।