কমাৰগাঁও, চন্দন বৰা: নুমলীগড় উপকণ্ঠ অঞ্চলত কেইটামান বনৰীয়া হাতীৰ সন্ত্ৰাসত জনসাধাৰণৰ লগতে অতিষ্ঠ হৈ পৰিছিল বন বিভাগ। এই উন্মাদ বনৰীয়া হাতীক নিয়ন্ত্ৰণৰ বাবে বন বিভাগৰ তৰফৰ পৰা বনৰীয়া হাতীৰ দেহত ৰেডিঅ’ কʼলাৰ লগোৱাৰ ব্যৱস্থা কৰিছে গোলাঘাট জিলাৰ বনবিভাগে।

আজি গোলাঘাটৰ বন‌ পদাধিকাৰীৰ লগতে বন বিভাগৰ বিষয়া, এন জি অ’, চিকিৎসকৰ দলৰ উপস্থিতিত নুমলীগড় বাবাথানৰ সমীপত ন-পথাৰত দুটাকৈ উন্মাদ বন্যহস্তীক ট্ৰেংকলাইজ কৰি ৰেডিঅ কʼলাৰ লগায়।

বন্যহস্তীৰ গাত স্থাপন এই ৰেডিঅ’ ক’লাৰ যাৰ বাবে হাতী দুটাৰ গতি বিধি ম’বাইলৰ যোগেদি জানিব পাৰিব। ইফালে, আজি আন এটা উন্মাদ বনৰীয়া হাতীয়ে আজি পুৱা কমাৰগাঁৱৰ কেবাখনো গাঁৱত সন্ত্ৰাস চলায় ৰাইজৰ মাজত আতংকিত কৰি তোলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply