গোলাঘাট : গোলাঘাটত ভয়ংকৰ পথ দুর্ঘটনা। থিতাতে এজন লোকৰ মৃত্যু। পথত পৰি থকা অৱস্থাত উদ্ধাৰ মৃতদেহ। অত্যাধিক সুৰা সেৱন কৰাৰ বাবে লোকজন দুৰ্ঘটনাত পতিত হোৱাৰ সন্দেহ।

শাৰদীয় দূৰ্গোৎসৱৰ আনন্দ-উল্লাসৰ মাজতে গোলাঘাট নগৰৰ সমীপৰ ঢেকীয়ালত এক শোকাৱহ পথ দুর্ঘটনা সংঘটিত হৈছে। পথ দুর্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হৈছে৷ পণ্ডিত হেমচন্দ্ৰ গোস্বামী পথত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে নিহত হোৱা লোকজন বিপুল দাস বুলি চিনাক্ত কৰা হৈছে।

লগতে পঢ়ক : সোৱণশিৰি ৰে’ল ষ্টেচনত ৰেলৰ খুন্দাত মহিলাৰ মৃত্যু

মৃত বিপুল দাস ঢেকীয়াল মলিয়াগাঁৱৰ বাসিন্ধা৷ পথত পৰি থকা অৱস্থাত উদ্ধাৰ হয় বিপুল দাসৰ মৃতদেহ৷ অত্যাধিক সুৰা সেৱন কৰাৰ বাবে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা স্থানীয় লোকৰ৷ লোকজনক গাড়ীয়ে মহতিয়াই নিয়াৰ সন্দেহ স্থানীয় লোকৰ৷ আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply