গোলাঘাট-গোলাঘাটৰ মাজমজিয়াত দিন দুপৰতেইৰ সংঘটিত হ’ল এক ডকাইতি কাণ্ড। গোলাঘাটৰ হস্পিতাল ৰোডত ৰৈ থকা অৱস্থাত এগৰাকী মহিলাৰ হাতৰ পৰা ডেৰ লাখ টকা সহ বহুতো নথিপত্ৰ লৈ উধাও হয় দুজন বাইক আৰোহী ৷

গোলাঘাটৰ কমাৰগাঁওৰ নিৱাসী ভাৰতীয় সেনা বাহিনীত কৰ্মৰত অৰুণ সোনোৱালৰ পত্নী সুনিতা সোনোৱালে গোলাঘাট ষ্টেট বেংকৰ পৰা টকা উলিয়াই হস্পিতাল ৰোডৰ ৰৈ আছিল। সেই সময়তে বাইকত থকা দুই দুৰ্বিত্তই সংঘটিত কৰে এই ডকাইতি কাণ্ড ৷ ঘটনা সন্দৰ্ভত আৰক্ষীথানাত ৰুজু কৰা হৈছে গোচৰ।

নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছত সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰাৰ পিছতো এইদৰে দিন দুপৰতে গোলাঘাটৰ মাজ মজিয়াত এনেধৰণৰ ঘটনা সংঘটিত হোৱা কাৰ্যই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply