গোলাঘাটঃ গোলাঘাটৰ ঘিলাধাৰী আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনা। নিজৰ মূৰত গুলীয়াই আত্মহত্যা ASRF জোৱানৰ।
ঘিলাধাৰী থানাৰ বেৰেকত এটা 7.62 mm SLR ৰাইফলেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে জোৱানজনে। পুৱতি নিশা ৩ বাজি ৫০ মিনিটত জোৱানজনে সংঘটিত কৰে এই ঘটনা।
লগতে পঢ়কঃসাম্প্ৰদায়িক মনোভাব লৈ ৰাজ্য চৰকাৰে উচ্ছেদ চলোৱাৰ অভিযোগ বাঁওপন্থীৰ
গুলীৰ শব্দত উচপ খাই উঠে বেৰেকত থকা অন্য জোৱানসকল। ঘটনাস্থলীত থানাৰ বিষয়ববীয়াসকল আহি উপস্থিত হয়।
জোৱানজন ২ নং ASRF বেটেলিয়নৰ মনোৰঞ্জন সিনহা (৫৭) বুলি জানিব পৰা গৈছে। আত্মহত্যাৰ কাৰণ এতিয়ালৈও জানিব পৰা হোৱা নাই।