গোলাঘাট জিলাৰ হাতীয়েখোৱা অঞ্চলৰ অন্যতম শৈক্ষিক অভিকেন্দ্ৰ গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়ত আজি গোলাঘাট জিলাভিত্তিত, শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ দিকনিৰ্ণয়ৰ দিশত সুবিধা হোৱাকৈ আৰু কেৰিয়াৰ গঢ়াৰ দিশত জাগৃত হ’বলৈ নেহৰু যুৱ কেন্দ্ৰ,গোলাঘাট আৰু ভাৰত চৰকাৰৰ যুৱ কল্যাণ বিভাগৰ সৌজন্যত তথা শংকৰ আজান যুৱ সংঘৰ সহযোগত, এখনি সম্পূৰ্ণ বিনামূলীয়া কেৰিয়াৰ কাউন্সেলিং কৰ্মশালা অনুষ্ঠিত কৰা হয়।

অনুষ্ঠানত গোলাঘাট পূৰ্বাঞ্চলিক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপন কোষ,হাতীয়েখোৱা চিনিয়ৰ চেকেন্দৰী বিদ্যালয়ে সহযোগ আগবঢ়ায়।কৰ্মশালাখনি পৰিচালনা কৰে স্থানীয় যুৱনেতা ৰিয়াজ ৰাহুল হকে। আৰু কৰ্মশালাখনিত বিশিষ্ট বক্তাৰূপে উপস্থিত থাকে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ জীৱবিদ্যা বিভাগৰ অধ্যাপক ড° ৰৌচন শৰ্মা আৰু ৰসায়ন বিভাগৰ মূখ্য অধ্যাপক ড° দেৱজিত চেতিয়া, পশুচিকিৎসক ডাঃ দণ্ডবিকাশ গোহাঁই,সাংবাদিক শোভন কলিতা আদি কৰি অঞ্চলটোৰ বিভিন্নজন ব্যক্তি উপস্থিত থাকে।

অনুষ্ঠানটোত প্ৰায় ২০০ জন শিক্ষাৰ্থীৰ উপস্থিতিত নিমন্ত্ৰিত বক্তাকেইজনে শিক্ষা আৰু উচিত কেৰিয়াৰ নিৰ্বাচন,কেৰিয়াৰ কাউন্সেলিং সম্পৰ্কত গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়।হাতীয়েখোৱা অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই অনুষ্ঠানে অঞ্চলটোৰ শিক্ষাৰ্থীসকলৰ ভৱিষ্যৎ দিকদৰ্শনৰ দিশত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব।

লগতে পঢ়ক –মৰাণৰ বামুনবাৰী ২ নং দীঘলীয়াত অগ্নিকাণ্ড

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply