গোলকগঞ্জঃ অসম বিধানসভাৰ অন্তিম অথবা তৃতীয় পৰ্যায়ৰ নিৰ্বাচন চলি থকাৰ মাজতে গোলকগঞ্জত অঘটন।

ধুবুৰীৰ গোলকগঞ্জ সমষ্টিৰ ২০৮ নং দীঘলটাৰী প্ৰাথমিক বিদ্যালয় ভোটকেন্দ্ৰত দুটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা।

ভোট কেন্দ্ৰই যোগান ধৰা বিনামূলীয়া মাস্কক লৈ উত্তপ্ত পৰিস্থিতি।

একাংশ ভোটাৰৰ মতে মাস্কৰ ভিতৰত থকা তামৰ তাঁৰৰ বাবে ভোট এটা চিহ্নত দিলে ভোট পৰে গৈ আন এটা চিহ্নত।

এই অপপ্ৰচাৰক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিবেশ।

কাজিয়াই মাৰপিটৰ ৰূপ লোৱাত সুৰক্ষা বাহিনী শূন্যলৈ গুলী চালনা সুৰক্ষা বাহিনীৰ।

উত্তেজিত জনতাক লাঠী চাৰ্জ কৰে ধুবুৰী আৰক্ষীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply