উপ–পৰিদর্শক বদ্রী প্রসাদ বাৰোৱাতী

ভৰলুমুখ আৰক্ষীৰ জিম্মাত থকা জি আৰ পি উপ–পৰিদর্শক বদ্রী প্রসাদ বাৰোৱাতীৰ স্বীকাৰোক্তিত এইবাৰ উচ্চপদস্থ বিষয়াৰ নাম !
চোৰাং সোণ সৰবৰাহৰ লগত জড়িত থকাৰ অভিযোগত ভৰলুমুখ আৰক্ষীৰ জিম্মাত থকা জি আৰ পি উপ–পৰিদর্শক বদ্রী প্রসাদ বাৰোৱাতীৰ স্বীকাৰোক্তিত মুকলি হৈছে বহু বিস্ফোৰক তথ্য৷ উচ্চপদস্থ আৰক্ষী বিষয়াৰ সৈতে সম্পৰ্ক কৰি উপ–পৰিদর্শক বদ্রী প্রসাদে অ’তদিনে চলাই আহিছিল চোৰাং সোণৰ বেহা ৷

ম্যানমাৰৰ পৰা চোৰাং সোণ সৰবৰাহ কৰা ব্যৱসায়ীৰ বুজাবুজি কৰি গুৱাহাটীৰ মাজেৰে ৰে’লেৰে বহিঃৰাজ্যলৈ সোণ সৰবৰাহ কৰাৰ সুবিধা কৰি দিছিল বদ্রী প্রসাদে৷ জি আৰ পিৰ উপ–পৰিদর্শক বদ্রী প্রসাদৰ ছত্রছায়াত চোৰাং সোণ ব্যৱসায়ীয়ে ৰে’লযোগে বহিঃৰাজ্যলৈ অবাধ সোণৰ সৰবৰাহ কৰিছিল৷ ইয়াৰ বিনিময়ত বদ্রী প্রসাদে চোৰাং বেপাৰীৰ পৰা বেংক একাউণ্টৰ জৰিয়তে ধন সংগ্রহ কৰিছিল ৷

জি আৰ পিৰ কামেশ্বৰ ৰাভাক গ্ৰেপ্তাৰ কৰাৰ পিছতেই এই লেনদেনৰ ছবিখন অধিক মুকলি হৈছে | চোৰাং বেপাৰীয়ে কেনেদৰে তেওলোকৰ একাউন্টত ধন জমা কৰে আৰু সেইবোৰ কেনেদৰে বদ্ৰী প্ৰসাদে উলিয়াই নিয়ে সকলোবোৰ তথ্য এতিয়া ৰেকৰ্ড কৰিছে আদালতে |

এই চোৰাং সোণ নগাঁৱত বিকনাৰী জুৱেলাৰীত বিক্রী কৰিছিল৷ চোৰাং সোণ ব্যৱসায়ী চক্রৰ পৰা জি আৰ পিৰ হোমগার্ড, কনিষ্টবলৰ বেংক একাউণ্টৰ জৰিয়তে ধন আদায় লৈছিল ৷ ইতিমধ্যে ভৰলুমুখ আৰক্ষীয়ে জি আৰ পিৰ কামেশ্বৰ ৰাভা নামৰ কনিষ্টবলগৰাকীৰ সাক্ষ্য আদালতত গ্রহণ কৰিছে ৷

চোৰাং সোণ সৰবৰাহৰ অপৰাধত গ্রেপ্তাৰ হোৱা বদ্রী প্রসাদে উচ্চপদস্থ আৰক্ষী বিষয়াৰ নাম লোৱাৰ সময়ত তদন্ত প্রক্রিয়া এতিয়া কোন দিশে গতি কৰে তাক লৈও চর্চা চলিছে |

লগতে পঢ়ক হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিল হোৱাৰ বাবেই আত্মহত্যা এগৰাকী মেধাবী ছাত্ৰীৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply