নিউজ ডেস্কঃ “শিলে শিলে ঠেকা খালে নিজৰাৰে পানী” ঠিক নিজৰাৰে পানীৰ দৰেই এই জনপ্ৰিয় গীতটি আজিও প্ৰতিজন অসমীয়াৰ মন-হৃদয়ত খলকনি তুলি বৈ আছে। অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় বোলছবি ‘অৰণ্য’ ৰ এই জনপ্ৰিয় গীতটিৰ জনপ্ৰিয়তা আজিও অক্ষুন্ন আছে।
“এই পূৰ্ণিমা ৰাতি এই পাহাৰৰে দাঁতি”, দিনৰ পোহৰ ৰংচঙীয়া ভাল মানুহৰ সং, ৰাতিৰ আন্ধাৰ গমগমীয়া চোৰ মাতালৰ ৰং” এই গীতকেইটায়ো প্ৰজন্ম প্ৰজন্মই চিৰপ্ৰবাহমান।
কিবদন্তী অভিনেতা-অভিনেত্ৰী প্ৰয়াত বিজু ফুকন আৰু বিদ্যা ৰাও অভিনীত ‘অৰণ্য’ বোলছবি খনে ৫০বছৰত ভৰি থলে।
‘অৰণ্য’ ১৯৭১ চনৰ ১২ নবেম্বৰত মুক্তিপ্ৰাপ্ত এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালক আছিল সমৰেন্দ্ৰ নাৰায়ণ দেৱ ।
চোৰাং চিকাৰ আৰু অৰণ্য ধ্বংসযজ্ঞক মূল বিষয়বস্ত হিচাপে লৈ নিৰ্মাণ কৰা হৈছে চলচ্চিত্ৰখনৰ কাহিনী।
চলচ্চিত্ৰখনত অভিনেতা বিজু ফুকনে অভিনয় কৰিছিল ফৰেষ্ট ৰেঞ্জাৰ জয়ন্ত বৰুৱাৰ চৰিত্ৰত আৰু বিদ্যা ৰাওৱে অভিনয় কৰিছিল সহজ-সৰল নেপালী গাভৰু কৃষ্ণাৰ চৰিত্ৰত। জয়ন্ত বৰুৱাই ফৰেষ্ট ৰেঞ্জাৰৰ চাকৰি পাই সংৰক্ষিত বনাঞ্চল এখনত যোগদান কৰিলে। আৰু তাতেই চিনাকী হয় কৃষ্ণাৰ সৈতে। এই চিনাকীয়ে লাহে লাহে দুয়োৰে মাজত প্ৰেমলৈ ৰূপান্তৰিত হয়।
চিনেমাখনত আন এটা গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে তচদ্দুক ইউচুফে। প্ৰতাপ দুৱৰাৰ চৰিত্ৰত অভিনয় কৰি তেওঁ দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল। প্ৰতাপে সেই অৰণ্যতে কাঠৰ কাৰবাৰ কৰে যদিও অবৈধভাবে ভাবে কাঠৰ সৰবৰাহ কৰা আৰু গড়ৰ খড়্গৰ চোৰাং চিকাৰৰ সৈতেও তেওঁ জড়িত। প্ৰতাপৰ অবৈধ ব্যৱসায়ত জয়ন্ত বৰুৱা আহি বাধা হৈ পৰে। সেয়ে তেওঁক বিভিন্ন উপায়ে প্ৰলোভিত কৰিবলৈ প্ৰতাপে চেষ্টা চলালে যদিও তেওঁ নিজৰ আদৰ্শত অচল-অটল হৈ থাকে। এইদৰেই আগবাঢ়ে চিনেমাখনৰ কাহিনী।
চিনেমাখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিছিল পূণ্য দাস, বীণা বাৰুৱতী, অবলা ৰয়, অখিল ডেকা, তৰুণ হাজৰিকা, দেউতি বৰুৱা, বিষ্ণু খাৰঘৰীয়াই।
এই চিনেমাখনৰ সঙ্গীত পৰিচালনা কৰিছিল বাংলা চলচ্চিত্ৰৰ প্ৰখ্যাত সঙ্গীত পৰিচালক সুধীন দাসগুপ্তই। ছবিখনত চাৰিটা গীত আছিল। আটাইকেইটা গীত ৰচনা কৰিছিল কেশৱ মহন্তই। কন্ঠ নিগৰাইছিল মান্না দে, দ্বীপেন বৰুৱা আৰু আৰতি মুখাৰ্জীয়ে।
ভৈৰৱকুণ্ড আৰু ভাৰত-ভূটান সীমান্তৰ সুন্দৰ লোকেচনত চিনেমাখনৰ দৃশ্য গ্ৰহণ হৈছিল।
অৰণ্যই অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। ১৯৭১ চনত ১৯ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি হিচাপে ৰজত কমল বঁটা লাভ কৰে।