গুৱাহাটীঃ গণেশগুৰিৰ গণেশ দেৱতাৰ বিগ্ৰহ আজিৰে পৰা সলনি কৰা হ’ল। এই ঐতিহাসিক মন্দিৰৰ নতুন গণেশৰ বিগ্ৰহটো সোণেৰে সজোৱা হৈছে। এগৰাকী অসমীয়া ব্যৱসায়ীয়ে দান কৰা ৫ কিলোগ্ৰাম সোণেৰে সজোৱা এই বিগ্ৰহটো পূজা-অৰ্চনাৰ মাজেৰে স্থাপন কৰা হয় মন্দিৰত।
উল্লেখ্য, ৰাজহুৱাকৈ নাম প্ৰকাশত অনিচ্ছুক ব্যৱসায়ীগৰাকী গণেশৰ পৰম ভক্ত ৰূপে গণেশৰ সোণৰ বিগ্ৰহটো আগবঢ়াইছে মন্দিৰটোলৈ। সোণৰ বিগ্ৰহ স্থাপনৰ পিছতে মন্দিৰৰ নিৰাপত্তাৰ দিশতো সলনি অনা হৈছে বুলি জানিবলৈ দিয়ে সমিতিয়ে।