ৰাজৰ্ষি চহৰীয়া
গৌৰৱ প্ৰতিগৰাকী অসমীয়াৰ বাবে। কিয়নো গুগ’ল ট্ৰান্সলেটত এতিয়া সংযোজিত হ’ল অসমীয়া ভাষা। প্ৰায় দুমাহ পূৰ্বে অৰ্থাৎ ১২ মে’, ২০২২ত অসমীয়া ভাষাই লাভ কৰিছিল গুগ’লৰ স্বীকৃতি। অসমীয়া ভাষাই এনে এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়াকে ধৰি বহু লোকে গৌৰৱান্বিত হৈ ছচিয়েল মিডিয়াত পোষ্ট কৰে। অসমীয়াৰ লগতে মুঠ ২৪টা নতুন ভাষা সংযোজিত হৈছিল গুগ’ল ট্ৰান্সলেটৰত।
নিজৰ ব্যক্তিগত জীৱনতেই হওঁক বা কাৰ্যালয়ৰ কাম-কাজৰ ক্ষেত্ৰতেই হওঁক প্ৰায় প্ৰতিগৰাকী অসমীয়াই ইংৰাজীৰ পৰা অসমীয়া অনুবাদ কৰে। কিন্তু পূৰ্বে গুগ’ল ট্ৰান্সলেটৰত অসমীয়া ভাষা নথকাৰ বাবে হয়তো আন ট্ৰান্সলেটৰ বা অনুবাদক ৱেবছাইট-এপ আদিৰ সহায় লৈছিল। আৰু এই ৱেবছাইট বা এপবোৰত সঠিকভাৱে অনুবাদ নোহোৱাৰ বাবে সময়ে সময়ে মানুহে অসুবিধাৰো সন্মুখীন হৈ আহিছিল।
কিন্তু গুগ’লৰ দৰে এটা বিশ্বাসযোগ্য কোম্পানীৰ অনুবাদক বা ট্ৰান্সলেটৰত অসমীয়া সংযোজিত হোৱাৰ পাছত বহু সুবিধা হৈ পৰে সকলোৰে বাবে। অৱশ্যে ট্ৰান্সলেটৰত অসমীয়া সংযোজিত হ’লেই জানো সকলো সমাপ্ত?
গুগল ট্ৰান্সেলটৰত কিমান সঠিকভাৱে অনুবাদ হৈছে ইংৰাজীৰ পৰা অসমীয়া সেইটো দিশো চাব লাগিব। আমি ক’ব বিচৰা নাই যে- প্ৰযুক্তিৰ দিশৰ পৰা কোনো ভুল বা ক্ৰুটি নাথাকিব। কিন্তু সেই ভুল বা ক্ৰুটি বিচাৰি দিয়াটোও আমাৰ অসমীয়াসকলেৰেই দায়িত্ব নহয়!
ইষ্টম’জ’ অসমে এই ক্ষেত্ৰত কেইটামান বাক্য ইংৰাজীৰ পৰা অসমীয়ালৈ অনুবাদ কৰে। সেই বাক্যটো হ’ল- ‘’গুগ’ল অনুবাদকত সংযোজিত হ’ল অসমীয়া ভাষা’’ । অসমীয়াৰ পৰা এই বাক্যটি ইংৰাজীলৈ অনুবাদ কৰাৰ পাছত ট্ৰান্সলেটৰত আহিছিল এনেদৰে- Google Translate has added the Assamese language.
এইটো সম্পূৰ্ণ শুদ্ধ। অসমীয়া বাক্যটি ইংৰাজীত অনুবাদ কৰাত ১০০ শতাংশই শুদ্ধ গুগ’ল ট্ৰান্সলেটৰ। কিন্তু আমি পুনৰ পৰীক্ষা কৰাৰ মনোভাৱেৰে ‘’Google Translate has added the Assamese language’’ ইংৰাজী বাক্যটিৰ পৰা অসমীয়ালৈ অনুবাদ কৰিলো। আৰু তাৰপাছত লাভ কৰিলো- ‘’গুগল ট্ৰেন্সলেটত সংযোজন কৰা হৈছে অসমীয়া ভাষা’’ বাক্যটি।
অৰ্থাৎ প্ৰথমে অসমীয়াৰ পৰা যিটো বাক্য ইংৰাজীলৈ অনুবাদ কৰিলো, সেই ইংৰাজী বাক্যটোকে পুনৰ অসমীয়ালৈ অনুবাদ কৰাত দুই এটা শব্দ সলনি হৈ আমাৰ স্ক্ৰীণত ইয়াৰ ফলাফল দেখা দিয়ে। অৱশ্যে এইটো ভুল বুলি ক’ব নোৱাৰি। চাব গ’লে দুয়োটা বাক্যই শুদ্ধ। কিন্তু দুয়োটা বাক্যৰ মাজত যে পাৰ্থক্য আছে সেইটো এই অনুবাদৰ পাছতে বুজিব পৰা গৈছে।
তাৰপাছত পুনৰ আমি এটা বাতৰিৰ ইংৰাজী বাক্য এটি অসমীয়ালৈ অনুবাদ কৰিবলৈ চেষ্টা কৰিছিলো। এই ইংৰাজী বাক্যটি হ’ল- “Orunodoi beneficiaries to get signboards outside their houses,” says Assam CM.
এই বাক্যটি গুগ’ল অনুবাদকত অনুবাদ কৰাত ইয়াৰ অসমীয়া বাক্যটি সম্পূৰ্ণ ভুল দেখুৱাইছিল। সেই অসমীয়া অনুবাদ হৈ অহা বাক্যটি আছিল- ‘’অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অৰুণোদয়ৰ হিতাধিকাৰীসকলে নিজৰ ঘৰৰ বাহিৰত চাইনব’ৰ্ড ল’ব ‘’
এতিয়া প্ৰথম কথাটো হৈছে- অনুবাদ কৰিবলৈ ব্যৱহাৰ কৰা ইংৰাজী বাক্যটিত মুখ্যমন্ত্ৰীগৰাকীৰ নামৰ উল্লেখ কৰা হোৱা নাই। তাৰপাছতো ‘মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল’ বুলি দেখুৱায়। আৰু সকলোৱে এতিয়াৰ মুখ্যমন্ত্ৰীগৰাকী হিমন্ত বিশ্ব শৰ্মা বুলি অৱগত। গতিকে গুগ’ল অনুবাদকত সংশোধন কৰাৰ প্ৰয়োজন বহুতেই আছে।
উল্লেখ্য যে, ভাৰতত বিশেষকৈ হিন্দী ভাষাৰ ব্যৱহাৰ কৰা হয়। ইংৰাজীৰ লগতে হিন্দী ভাষী লোকো অসমত বাস কৰে। আৰু এনে বহু ব্যক্তি আছে যিসকলে অসমীয়া কোনো এটা বাক্য হিন্দী ভাষালৈও অনুবাদ কৰিবলগীয়া হয়।
এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইষ্টম’জ’ অসমে পুনৰ ‘’গুগ’ল অনুবাদকত সংযোজিত হ’ল অসমীয়া ভাষা’’ বাক্যটি হিন্দী ভাষালৈ অনুবাদ কৰাৰ চেষ্টা কৰো গুগ’ল ট্ৰান্সলেটৰত। আৰু এই ক্ষেত্ৰত ১০০ শতাংশই ভুল ফলাফল আমি লাভ কৰো।
অসমীয়া বাক্যটি হিন্দীলৈ অনুবাদ কৰাৰ পাছত ফলাফল দেখুৱায় – ‘’Google Translator को असमिया भाषा में जोड़ा गया है’’ । ইয়াৰ অৰ্থ হ’ল- অসমীয়া ভাষাক গুগ’ল অনুবাদকত সংযোজিত কৰা হৈছে।
মন কৰিবলগীয়া যে- এই পৰীক্ষা ইষ্টম’জ’ অসমে বিয়লি ৪.০৭ বজাত কৰিছিল। আৰু সেই সময়ত অসমীয়া বাক্যটি হিন্দীলৈ অনুবাদ কৰাৰ সময়ত ভুল ফলাফল দেখুৱাইছিল। কিন্তু পুনৰ ৫.২৩ বজাত সেই একে বাক্যটি হিন্দী অনুবাদ কৰাত শুদ্ধ উত্তৰ দেখুৱায়।
ইয়াৰ পৰা এইটো বুজিব পাৰি যে- গুগ’ল ট্ৰান্সলেটৰত কোনোবা বাক্য ভুল হ’লে গু’গলে নিজেই ভুলবোৰ বুজি সংশোধন কৰে। ইষ্টম’জ’ অসমে গুগ’ল ট্ৰান্সলেটৰত অসমীয়া ভাষা সংযোজন কৰাৰ বাবে গৌৰবান্বিত। কিন্তু সাংবাদ মাধ্যম তথা অসমীয়া হিচাপে আমাৰ ভাষাটি কিমান শুদ্ধ সেয়া চোৱাও আমাৰেই দায়িত্ব।