নগাঁওঃ নগাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। এখন দোকানৰ ভিতৰৰ পৰা উলিয়াই আনি উদণ্ড যুৱকৰ দলে প্ৰহাৰ কৰিছে এজন ব্যৱসায়ীক। এই ঘটনা সংঘটিত হৈছে নগাঁও চহৰৰ পানীগাঁও চাৰিআলিত।

এই সমগ্ৰ ঘটনা এটা ভিডিঅ’ ইতিমধ্যে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। চিচি টিভি কেমেৰাত বন্দী হোৱা সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰাৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নগাঁৱত।

ইফালে, মন্টু দাস নামৰ ব্যৱসায়ীজনক মুৰটাজা আজাদ নামৰ এজন উদণ্ড যুৱকৰ নেতৃত্বত অহা গুণ্ডাবাহিনীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

লগতে এজন অনা অসমীয়া ব্যৱসায়ীযে বাকীৰ ধন সময়মতে দিব নোৱাৰাৰ বাবেই গুণ্ডাবাহিনী লগাই এনেদৰে যুৱ ব্যৱসায়ীজনক মাৰপিট কৰা অভিযোগ উঠিছে।

ইতিমধ্যে ইটাচালী আৰক্ষী চকীত এক গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply