গোৰেশ্বৰঃ বাক্সা জিলাৰ উচ্চশিক্ষাৰ অনুষ্ঠান গোৰেশ্বৰ মহাবিদ্যালয়ত উচ্চতৰ মাধ্যমিক আৰু স্নাতক পৰ্যায়ত নামভৰ্ত্তিৰ মাচুলক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীৰ লগতে দল-সংগঠনৰ প্ৰতিক্ৰিয়া।

উল্লেখ্য যে, যিসময়ত মহাবিদ্যালয় সমূহত ২ লাখ টকা বছৰি আয় নথকা দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্ত্তি বিনামূলীয়া বুলি চৰকাৰী ভাৱে প্ৰচাৰ চলোৱা হৈছে সেই সময়তে গোৰেশ্বৰ মহাবিদ্যালয়ত নামভৰ্ত্তিৰ নামত উচ্চতৰ মাধ্যমিকৰ ১২২০টকা আৰু স্নাতক পৰ্যায়ৰ ১২৭০টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

লগতে পঢ়কঃলংকাৰ কাকীত শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰসেৱা বাহিনীৰ ৰূপালী জয়ন্তী উৎসৱৰ লাইখুটা স্থাপন

সেই মৰ্মে কেইবাটাও ছাত্ৰ সংগঠনে মহাবিদ্যালয়ৰ অধ্যক্ষ উমেশ বড়োক সাক্ষাৎ কৰি এই সম্পৰ্কে এক আলোচনাত মিলিত হয়।

আলোচনাৰ অন্তত তেওঁ যিকেইটা শিতানত শিক্ষা বিভাগৰ অনুমতি সাপেক্ষে মাচুল সংগ্ৰহ কৰি আছিল তাৰ পৰিমাণ হ্ৰাস কৰাৰ আশ্বাস প্ৰদান কৰাৰ লগতে অতিৰিক্ত মাচুল ছাত্ৰ ছাত্ৰী উভতাই দিয়া হ’ব বুলি উল্লেখ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply