গোৰেশ্বৰঃ গোৰেশ্বৰৰ সৰুফুলচকীত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী মেক্সিম’ বাহনে মহতিয়াই নিয়ে চাইকেল আৰোহীক।
দুৰ্ঘটনা সংঘটিত কৰা মেক্সিম’ খনৰ নম্বৰ AS 01 HC 6891
বগামাটী বনভোজস্থলীৰ পৰা ওভতি অহাৰ পথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত থিতাতে নিহত হয় গোৰেশ্বৰৰ ভোগপুৰ গাঁৱৰ তামুলিখাট চুবুৰীৰ চাইকেল আৰোহী গজেন ডেকা (৫০)।
লগতে পঢ়কঃডাম্পাৰ আৰু আটোৰ মাজত হোৱা সংঘর্ষত নিহত তিনিজন
মৃত লোকজনৰ ঘৰ গোৰেশ্বৰ ভোগপুৰ গাঁৱৰ তামুলীখাটত।
ইপিনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে মেক্সিমো বাহনৰ চালকজন ।
ইতিমধ্যে ৰাইজে মেক্সিম’ বাহন সহ বনভোজ খাবলৈ অহা লোককেইজনক আটক কৰি গোৰেশ্বৰ আৰক্ষীক গটাই দিয়ে।
আটক কৰা আটাইকেইজনৰ ঘৰ সোনাপুৰৰ ক্ষেত্ৰীৰ বুলি জানিব পৰা গৈছে।