গোৰেশ্বৰঃ গোৰেশ্বৰৰ গাছবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক-চাইকেলৰ মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। গোৰেশ্বৰৰ পৰা বাইহাটা চাৰিআলি অভিমুখে গৈ থকা এখন তীব্ৰবেগী দুচকীয়া বাহনৰ সন্মুখৰে এজন চাইকেল আৰোহী পাৰ হৈ যোৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাৰ ফলত পথৰ দাঁতিৰ দ-খাৱৈত বাগৰি পৰে দুচকীয়া বাহনখন। দুচকীয়া বাহনখনৰ নম্বৰ হৈছে AS 01 DS6662।
লগতে পঢ়কঃমৰাণৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা
দুৰ্ঘটনাত আহত হয় নিখিল বৈশ্য আৰু কনকসেন চক্ৰৱৰ্তী নামৰ দুজন লোক। গুৰুতৰভাৱে আহত কনকসেন চক্ৰৱৰ্তীক স্থানীয় লোক আৰু গাছবাৰী আৰক্ষীৰ সহযোগত উন্নত চিকিৎসাৰ বাবে বিহদিয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।