গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ থানাৰ অন্তৰ্গত চুঙাপাৰাত নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।
বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ অভিমুখে গৈ থকা অচিনাক্ত এখন মাৰুটি বাহনে বিপৰীত দিশৰ পৰা আহি এজন চাইকেল আৰোহীক খুন্দা মাৰে।
দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে মাৰুতিখন।
চাইকেল আৰোহীজন বহুসময় ধৰি পথৰ দাঁতিতে পৰি থাকে।
লগতে পঢ়কঃবদৰপুৰ ৰেল জংছনত জব্দ নিষিদ্ধ ড্ৰাগছ
গুৰুতৰভাৱে আহত লোকজন পুৰাণ বজাৰৰ নিৰ্মল বিস্বাস(৩৫) ।
নিৰ্মল বিস্বাসৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত গোৰেশ্বৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
স্থানীয় লোকে আহত ব্যক্তি জনক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীৰ জিএমচিএইচলৈ প্ৰেৰণ কৰিছে।