গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত গাঞ্জা ব্যৱসায়ী আটক। দিনৰ প্ৰায় ২ বজাত আৰক্ষীয়ে গাঞ্জা সহ আটক কৰে শিঙিমাৰী গাঁৱৰ চেচাপাৰ চুবুৰীৰ বীৰেন ৰাজবংশী নামৰ গাঞ্জা ব্যৱসায়ীটোক।

জানিব পৰা মতে, গাঞ্জা ব্যৱসায়ীৰ এটা দলে বীৰেন ৰাজবংশীৰ ঘৰত গাঞ্জা দিবলৈ আহিছিল। সেই খবৰ লাভ কৰি গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শংকৰ ৰাজবংশীয়ে গাঞ্জা ব্যৱসায়ীৰ দলটোৰ বাহনখন আগুচি ধৰাত বাহনখনে শংকৰ ৰাজবংশীৰ AS01DZ0783 মাৰুটি বাহনখন মহতিয়াই পলায়ন কৰে।

আৰু পঢ়কঃট্ৰিপুৰাত কেইবা লক্ষাধিক টকাৰ ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ

গাঞ্জা ব্যৱসায়ী দলটো অহা বাহনখনৰ নম্বৰ হৈছে AS 27 D 4811। সেই সূত্ৰে আৰক্ষীয়ে অভিযান চলাই আটক কৰে গাঞ্জা ব্যৱসায়ী বীৰেন ৰাজবংশীক।

বীৰেন ৰাজবংশীয়ে দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধ ভাৱে ভাং ,গাঞ্জা আদিৰ বেহা চলাই থকা বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও অচিনাকী ব্যৱসায়ীৰ সৈতে অবৈধ ভাবে চলাই আহিছিল গাঞ্জা ব্যৱসায়। আৰক্ষী ইতিমধ্যে এই সম্পৰ্কত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply