গোৰেশ্বৰঃ গোৰেশ্বৰত আটক কিশোৰী ধৰ্ষণকাৰী। দিন দুপৰতে ছাদ্দাম আলী নামৰ এজন ২৪ বছৰীয়া যুৱকে ধৰ্ষণৰ চেষ্টা চলাইছিল এগৰাকী ১৩ বছৰীয়া কিশোৰীক৷

গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত মুকুন্দপুৰত সংঘটিত হৈছে এই ঘটনা৷

কিশোৰী ধৰ্ষণৰ চেষ্টা চলোৱাৰ অভিযোগত ছাদ্দাম আলীৰ বিৰুদ্ধে গোৰেশ্বৰ থানাত এজেহাৰ দাখিল কৰে কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে ৷

আৰু পঢ়কঃউন্নত চিকিৎসাৰ অভাৱত এখন হাত সম্পূৰ্ণৰূপে নষ্ট হৈ যোৱাৰ উপক্ৰম হৈছে দৰঙৰ এগৰাকী ব্যক্তিৰ

পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত গোৰেশ্বৰ আৰক্ষীয়ে আটক কৰে ছাদ্দাম আলীক।

উল্লেখ্য যে, কিশোৰীগৰাকী ছাদ্দাম আলীৰ সম্পৰ্কীয় ভাগিনীয়েক ।

জানিব পৰা মতে মঙ্গলবাৰে দিন দুপৰতে লম্পটজনে ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক ধৰ্ষণৰ চেষ্টা চলাইছিল ৷

কিশোৰীগৰাকীয়ে হুলস্থুল কৰাত ওচৰৰ লোক উপস্থিত হোৱাৰ লগে লগে লম্পট ছাদ্দাম আলীয়ে পলায়ন কৰে ৷

লম্পটজন ছাদ্দাম আলীক কঠোৰ শাস্তিৰ দাবী কৰিছে কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে ৷

গোৰেশ্বৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৭৬, ৫১১ ধাৰাৰ ভিত্তিত জিএচআৰ পিএচ ১২৪/২১ নম্বৰৰ এটি গোচৰ ৰুজু কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply