গোৰেশ্বৰঃ গোৰেশ্বৰৰ নাওকাটাৰ কলবাৰীত এগৰাকী ১৩ বছৰীয়া নাবালিকাক ধৰ্ষণ।
বিশ্ব নাথ (২০) নামৰ এজন লম্পটে ধৰ্ষণ কৰে কিশোৰীগৰাকীক৷
জানিব পৰা মতে, বুধবাৰে সন্ধিয়া কিশোৰীগৰাকী দোকানলৈ গৈছিল। সেই সুযোগ লৈ লম্পতটোৱে কিশোৰীগৰাকীৰ মুখত খোপা মাৰি জংঘলৰ মাজলৈ দাঙি লৈ যায় আৰু ধৰ্ষণৰ নিচিনা নিৰ্লজ্জ কাণ্ড সংঘটিত কৰে৷
আৰু পঢ়কঃনাঙলৰ মুঠিত ধৰি পথাৰত হাল বাইছে মাজুলীৰ এগৰাকী কিশোৰীয়ে
কিশোৰী গৰাকীৰ পৰিয়ালৰ লোকে এই সন্দৰ্ভত বিশ্ব নাথ(২০)ৰ বিৰুদ্ধে শুৱাগপুৰ থানাত এজাহাৰ দাখিল কৰে৷
কিশোৰী গৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত শুকুৰবাৰে শুৱাগপুৰ আৰক্ষীয়ে আটক কৰে বিশ্ব নাথক। শুৱাগপুৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ আইনৰ অধীনত ১২৫/২১ নম্বৰত গোচৰ ৰুজু কৰে।